জয়ন্ত মুদৈ, নগাঁওঃ ১৯৮৬ চনতে স্থাপিত নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰাইদঙীয়াৰ অন্তৰ্গত নসত্ৰস্থিত আইলক্ষ্মী আঞ্চলিক আত্মানন্দদেৱ উচ্চ মাধ্যমিক বিদ্যালয়খনিয়ে ইতিমধ্যে সগৌৰৱেৰে পছিশটা বছৰ গৰকিবলৈ সক্ষম হৈছে৷
সেয়ে গৌৰৱোজ্জ্বল পছিশটা বছৰ সম্পূৰ্ণ কৰা উপলক্ষে বিদ্যালয়খনিৰ ৰূপালী জয়ন্তী উৎসৱটি অহা ২৬ আৰু ২৭ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে উদযাপনৰ দিহা কৰা হৈছে। তাক লৈ এতিয়া ব্যস্ততাৰ অন্ত নাই বিদ্যালয় পৰিচালনা সমিতিৰ লগতে শিক্ষক-কৰ্মচাৰীৰপৰা আৰম্ভ কৰি ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকা আৰু শুভাকাংক্ষী তথা স্থানীয় ৰাইজৰ মাজত৷