নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ নিকটৱৰ্তী বৰভেটিত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। নিহত লোকজন নগাঁও চহৰৰ টাউন তেলিয়াগাঁৱৰ বিশ্বজিত নাথ আৰু আহত লোকজন নিহত নাথৰ ভিনিহিয়েক পংকজ নাথ বুলি জানিব পৰা গৈছে।

কেনেকৈ সংঘটিত হৈছিল দুৰ্ঘটনাটো?

কটন কলেজৰ সংস্কৃত বিভাগৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত বিশ্বজিত নাথে যোৱা নিশা এ এছ-১২-জি ৮১১১ নম্বৰৰ চেন্ট্ৰ’ গাড়ীখনেৰে গুৱাহাটীৰ পৰা নগাঁৱৰ গৃহাভিমুখে আহি আছিল। সেই সময়তে গুৱাহাটী চন্দ্ৰপুৰ-নলতলী সংযোগী ৰাজ্যিক ঘাইপথৰ বৰভেটিত পথৰ ওপৰতে ৰখাই থোৱা এ এছ-১৮-এ ২৩৪৫ নম্বৰৰ ইটা ভৰ্ত্তি এখন ট্ৰাকত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে বিশ্বজিতৰ বাহনখনে।

দুৰ্ঘটনাৰ ফলত চেন্ট্ৰ’খনৰ সন্মুখৰ ভাগটো সম্পূৰ্ণ বিধ্বস্ত হৈ পৰে। ফলত অধ্যাপক নাথ নিহত হোৱাৰ বিপৰীতে ভিনিহিয়েক পংকজ নাথ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। প্ৰায় ডেৰ-দুবছৰ আগতে সহযোগী অধ্যাপক হিচাপে কটন কলেজত যোগদান কৰা বিশ্বজিত নাথৰ অকাল মৃত্যুত নগাঁৱত শোকৰ ছাঁ পৰিছে।