জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী পহৰা চকীৰ নিচেই সমীপৰ বেবেজীয়া ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ সন্মুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন লোক নিহত হয়৷

ঘটনাৰ বিবৰণী মতে, নগাঁৱৰপৰা ৰহা অভিমুখে তীব্ৰ বেগেৰে আহি থকা এএছ০২এচি৫০২৫ নম্বৰৰ টাটা ম’বাইল গাড়ীখনে একে দিশেৰে পথৰ কাষেৰে খোজকাঢ়ি আহি থকা এজন লোকক পিছফালৰপৰা খুন্দা মৰাত দুৰ্ঘটনাটো সংঘটিত হয়৷

ফলত অচিনাক্ত পথছাৰীজন গুৰুত্বৰভাৱে আহত হয়৷ লগে লগে বেবেজীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আহত লোকজনক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে লোকজনক মৃত ঘোষণা কৰে৷ 

নিহত লোকজন বৰ্তমানলৈকে চিনাক্ত নোহোৱাত মৃতদেহ চিকিৎসালয়ৰ মৰ্গতে ৰখা হৈছে৷ ইফালে, দুৰ্ঘটনাটো সংঘটিত কৰি গাড়ীখনে পলায়ন কৰে যদিও কিছু নিলগৰ ডিমৌ চাৰিআলিত আৰক্ষী আৰু স্থানীয় দুজন যুৱকে খেদি খেদি জব্দ কৰে৷ কিন্তু ড্ৰাইভাৰ আৰু হেন্দিমেন পলাই সাৰিবলৈ সক্ষম হয় বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷