Home ৰাজ্যনগাঁৱত মৃত ব্যক্তিয়েও নিৰ্বাচনৰ দায়িত্ব পালন কৰিব,এডিচি দুলাল দেৱনাথৰ নিৰ্দেশ !!!

নগাঁৱত মৃত ব্যক্তিয়েও নিৰ্বাচনৰ দায়িত্ব পালন কৰিব,এডিচি দুলাল দেৱনাথৰ নিৰ্দেশ !!!

by News Desk
A+A-
Reset
dulal

নগাঁওঃ অহা পাঁচ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ কৰ্তব্যত বিষয়া-কৰ্মচাৰী নিয়োগ কৰাক লৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত ব্যাপক অনিয়ম আৰু বেমেজালি সংঘটিত হোৱাৰ গুৰুত্বৰ অভিযোগ উল্থাপিত হৈছে। জিলা খনৰ পঞ্চায়ত নিৰ্বাচনৰ বিশেষ দায়িত্বত থকা জিলা খনৰ অতিৰিক্ত উপায়ুক্ত দুলাল দেৱনাথে প্ৰিজাইডিং বিষয়া,পোলিং বিষয়া সকলক নিৰ্বাচনৰ কামত নিয়োজিত কৰাৰ ক্ষেত্ৰত ব্যাপক অনিয়ম আৰু চৰম বেমেজালি সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হৈছে।

অভিযোগ অনুসৰি, নগাঁও জিলাত পঞ্চায়ত নিৰ্বাচনৰ কামত নিৰ্বাচনী বিষয়া(প্ৰিজাইডিং আৰু পোলিং) সকলৰ নিযুক্তিৰ নামত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী,মৃত কৰ্মচাৰীৰ নামতো নিৰ্বাচনী কৰ্তব্যৰ নিয়ুক্তি পত্ৰ প্ৰেৰণ কৰা হৈছে।নগাঁও জিলা প্ৰশাসনৰ এনে অবিবেচক কাণ্ডই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।প্ৰাপ্ত তথ্য অনুসৰি, গিৰীশ শংকৰ দাস নামৰ এজন মৃত কৰ্মচাৰীকো পোলিং বিষয়াৰ কৰ্তব্যত নিয়োগ কৰা হৈছে।আনহাতে, নগাঁও জিলাৰ পৰা ইতিমধ্যেই বদলি হৈ অন্য জিলাত কৰ্মৰত সৌৰভ শীল আৰু ৰীকুমণি পাটৰকো জিলা খনৰ পঞ্চায়ত নিৰ্বাচনৰ কৰ্তব্যত নিয়োগ কৰা হৈছে। আনকি, ইতিপূৰ্বে চাকৰিৰ পৰা ইস্তফা দিয়া কৰ্মচাৰী ৰাজু কৌৰকো নিৰ্বাচনী কৰ্তব্যত নিয়োগৰ পত্ৰ প্ৰেৰণ কৰা হৈছে। এনেধৰণৰ বিভ্ৰাট জিলাখনত অসংখ্য হোৱা বুলি জিলা উপায়ুক্ত কাৰ্যালয়ৰ এক বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা গৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0