66
জয়ন্ত মুদৈ, নগাঁওঃ সৰ্বসাধাৰণ ৰাইজ, বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ মাজত আইনৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে মঙলবাৰে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু নগাঁও আইন মহাবিদ্যালয়ৰ সহযোগত আইন বিষয়ক এক নাট প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰি জিলা উপায়ুক্ত যাদৱ শইকীয়াই কয়, নাটৰ জৰিয়তে ৰাইজক আইনৰ জ্ঞান দিয়াটো এক অভিনৱ পদক্ষেপ।