নগাঁওঃ ‘নাৰী অন্যন্যা। সকলো নাৰীকে সম্মান কৰা উচিত। কিন্তু আজিৰ দিনটোত আটাইতকৈ সন্মানৰ পাত্ৰ নাৰী গৰাকী হ’ল মাতৃ। সেয়ে প্ৰত্যেকে প্ৰথমে নিজ মাতৃক সন্মান কৰিব লাগিব।’– এই মন্তব্য নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা তথা অতিৰিক্ত জিলা ন্যায়ায়িক দণ্ডাধীশ প্ৰনিতা মৰাঙৰ।
শুকুৰবাৰে নগাঁৱৰ এলফিনিষ্টন সমূহীয়া ভৱনত স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাম বিকাশ পৰিষদৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে অনুষ্ঠিত এখন সভাত এইদৰে মন্তব্য কৰি ন্যায়ায়িক দণ্ডাধীশ মৰাঙে কয়, বৰ্তমান সময়ত নাৰী সকলৰ সুৰক্ষাৰ বাবে বহু আইন প্ৰণয়ন হোৱাৰ পিছতো তেওঁলোক প্ৰকৃততে আমাৰ সমাজত সুৰক্ষিত হয় নে? সেয়া এক ডাঙৰ প্ৰশ্ন।