জয়ন্ত মুদৈ, নগাঁওঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ২০১৯-২০২০ বৰ্ষৰ বাবে নতুনকৈ নগাঁও জিলা সমিতিখন ইতিমধ্যে গঠন কৰা হৈছে৷ কামৰূপ জিলাৰ ৰঙিয়া মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশৰ চাৰিদিনীয়া ৰাজ্যিক প্ৰশিক্ষণ শিৱিৰৰ তিনি জুলাইত ২০১৯-২০ বৰ্ষৰ বাবে নগাঁও জিলা সমিতিখনৰ লগতে জিলাখনৰ বিভিন্ন শাখা সমূহৰ সভাপতি আৰু সম্পাদকৰ নামো ঘোষণা কৰা হয়। 

প্ৰলয় কুমাৰ বড়োক নগাঁও জিলাৰ সাংগঠনিক সম্পাদক, অমিত ম'ৰক জিলা প্ৰমুখ, মৃত্যুঞ্জয় কুমাৰ মাহাতোক জিলা সংযোজক, ৰিপু মণি দাসক জিলা সহ: সংযোজক আৰু নির্মালী ডেকাক জিলা ছাত্ৰী প্ৰমুখৰ দায়িত্ব অৰ্পণ কৰা হৈছে৷ 

উল্লেখযোগ্য যে, জিলা সমিতিৰ লগতে সংগঠনটোৰ শাখা সমিতি সমূহৰো সভাপতি সম্পাদক ঘোষণা কৰা হয়। নগাঁও নগৰৰ সভাপতি অপৰ্ণা ভট্টাচাৰ্য্য আৰু সম্পাদক ঋতুৰাজ দত্ত, কামপুৰ শাখাৰ সভাপতি হেমন্ত শৰ্মা আৰু সম্পাদক নিলোৎপল ভাৰদ্বাজ, ননৈ শাখাৰ সম্পাদক চম্পক বৰা, পৰণিগুদাম শাখাৰ সম্পাদক প্ৰাঞ্জল শইকীয়া, চামগুৰি শাখাৰ সভাপতি দেৱজিত বৰা, বটদ্ৰৱা শাখাৰ সম্পাদক অংকুৰ জ্যোতি বৰা, কঠিয়াতলী শাখাৰ সম্পাদক ৰিতন দত্ত আৰু ৰহা শাখাৰ সম্পাদক ৰূপে সৌৰভ বৈশ্যক দায়িত্ব অৰ্পণ কৰা হয়৷