নগাঁওঃ অসমীয়া কাব্য সাহিত্যত একাত্মভাৱে নিমগ্ন থাকি কাব্য চৰ্চাৰে উজ্বলি উঠাৰ লগতে কাব্য জগতলৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ স্বীকৃতি স্বৰূপে সদৌ অসম সাহিত্য সন্মিলনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও বিশিষ্ট কবিলৈ আগবঢ়াইছে অসম কবিতা মহোৎসৱ বিশেষ সন্মান৷
ইয়াৰ অংশহিচাপে নগঞা বিশিষ্ট কবি তথা লেখক অনিল চন্দ্ৰ নাথলৈও নগাঁও জিলাৰ একমাত্ৰ প্ৰতিনিধি হিচাপে আগবঢ়োৱা হৈছে এই বিশেষ সন্মান৷ যোৱা ১৪ আৰু ১৫ ডিচেম্বৰত গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহত সদৌ অসম সাহিত্য সন্মিলনৰ উদ্যোগত আৰু প্ৰতিশ্ৰুতি প্ৰকাশনৰ সহযোগত দুদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে আয়োজিত দ্বিতীয় বাৰ্ষিক অসম কবিতা মহোৎসৱৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নগঞা কবিগৰাকীক আনুষ্ঠানিকভাৱে এই সন্মান প্ৰদান কৰা হয়৷