জয়ন্ত মুদৈ, নগাঁওঃ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এপিডিচিএলৰ তৃতীয় বৰ্গৰ কেতবোৰ পদৰ বাবে দেওবাৰে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাৰ নামত নগাঁও চহৰৰ এক পৰীক্ষা কেন্দ্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।
জানিব পৰা মতে, চহৰখনৰ নগাঁও বাঙালী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত
ৰিদীপ নাথ নামৰ এজন পৰীক্ষাৰ্থীক এগৰাকী নিৰীক্ষকে বিশেষভাৱে সহায় কৰাৰ অভিযোগ তুলি অন্য পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।