জয়ন্ত মুদৈ, নগাঁওঃ প্ৰাথমিক শিক্ষা, গ্ৰাম বিকাশ শিক্ষা, আৰোগ্য শিক্ষা, জাগৰণ শিক্ষা আৰু সংস্কাৰ শিক্ষা এই পঞ্চমুখী শিক্ষাৰ মাধ্যমেৰে শিক্ষিত ভাৰত, নিৰোগী ভাৰত আৰু সামৰ্থ ভাৰত নিৰ্মাণৰ লক্ষ্যৰে ৩০ বছৰ পূৰ্বে প্ৰতিষ্ঠা হোৱা 'একল অভিযান’ৰ নগাঁও অঞ্চলৰ বাৰ্ষিক সন্মিলনখনি দেওবাৰে হয়বৰগাঁৱৰ শ্ৰীমাৰোৱাৰী পঞ্চায়ত ভৱনত অনুষ্ঠিত হৈ যায়৷

তদুপলক্ষে পুৱা বন্তি প্ৰজ্বলন, গায়ত্ৰী মন্ত্ৰ আৰু সৰস্বতী বন্দনাৰ অন্তত স্বাগত ভাষণ প্ৰদান কৰে একল অভিযানৰ নগাঁও অঞ্চলৰ সভাপতি ৰাধা ৰমন খাটোৱালে। ইয়াৰ পাছতে একল অভিযানৰ নগাঁও অঞ্চলৰ বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে নগাঁও অঞ্চলত সম্পাদক ললিত কুমাৰ কোঠাৰীয়ে, শ্ৰীহৰি সৎ সংগ সমিতিৰ নগাঁও অঞ্চলৰ বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে মহাবীৰ প্ৰসাদ কেজৰিৱালে আৰু বনবন্ধু মহিলা সমিতি বিগত বৰ্ষৰ প্ৰতিবেদন পাঠকৰে সভানেত্ৰী প্ৰেম টিব্ৰেৱালে। 

সভাত নগাঁও জিলাৰ গ্ৰামাঞ্চলত সিঁচৰিত হৈ থকা ২৭০ খন একল বিদ্যালয়ৰ মাজৰপৰা ১৮ গৰাকী নিৰ্বাচিত আদৰ্শ আচাৰ্যাক বস্ত্ৰ, ছাতি, গামোচা, মহাপুৰুষৰ প্ৰতিচ্ছবিৰ সৈতে বিশেষ সম্ভাষণ জনোৱা লগতে আন আচাৰ্যা, নগাঁও অঞ্চলৰ সমূহ কাৰ্যকৰ্তা আৰু সঞ্চসমূহৰ বিষয়-ববীয়া আৰু সদস্যসকলকো সম্বৰ্ধনা জনোৱা হয়। 

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত একল অভিযানৰ পূৰ্বোত্তৰ কেন্দ্ৰীয় প্ৰতিনিধি ৰঞ্জিত বৰা, পূৰ্বোত্তৰ সম্ভাগৰ সভাপতি পৱন কুমাৰ আগৰৱালা, পূৰ্বোত্তৰ সম্ভাগৰ সম্ভাগ প্ৰতিনিধি অনিমেশ শইকীয়া, বিশিষ্ট সমাজকৰ্মী তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ব্ৰজেন কাকতি, সমাজকৰ্মী উমা দেউৰা, ৰাম কিশোৰ গুপ্তা, যুগল কিশোৰ জাজোদীয়া, কমল কু্মী, ইন্দিৰা বিচোৱাল, মন্টু গঞ্জু, বিৰিঞ্চি কুমাৰ বৰাকে প্ৰমুখ্য কৰি সহস্ৰাধিক লোক উপস্থিত থাকে।