জয়ন্ত মুদৈ, নগাঁওঃ প্ৰাথমিক শিক্ষা, গ্ৰাম বিকাশ শিক্ষা, আৰোগ্য শিক্ষা, জাগৰণ শিক্ষা আৰু সংস্কাৰ শিক্ষা এই পঞ্চমুখী শিক্ষাৰ মাধ্যমেৰে শিক্ষিত ভাৰত, নিৰোগী ভাৰত আৰু সামৰ্থ ভাৰত নিৰ্মাণৰ লক্ষ্যৰে ৩০ বছৰ পূৰ্বে প্ৰতিষ্ঠা হোৱা ‘একল অভিযান’ৰ নগাঁও অঞ্চলৰ বাৰ্ষিক সন্মিলনখনি দেওবাৰে হয়বৰগাঁৱৰ শ্ৰীমাৰোৱাৰী পঞ্চায়ত ভৱনত অনুষ্ঠিত হৈ যায়৷
তদুপলক্ষে পুৱা বন্তি প্ৰজ্বলন, গায়ত্ৰী মন্ত্ৰ আৰু সৰস্বতী বন্দনাৰ অন্তত স্বাগত ভাষণ প্ৰদান কৰে একল অভিযানৰ নগাঁও অঞ্চলৰ সভাপতি ৰাধা ৰমন খাটোৱালে। ইয়াৰ পাছতে একল অভিযানৰ নগাঁও অঞ্চলৰ বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে নগাঁও অঞ্চলত সম্পাদক ললিত কুমাৰ কোঠাৰীয়ে, শ্ৰীহৰি সৎ সংগ সমিতিৰ নগাঁও অঞ্চলৰ বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে মহাবীৰ প্ৰসাদ কেজৰিৱালে আৰু বনবন্ধু মহিলা সমিতি বিগত বৰ্ষৰ প্ৰতিবেদন পাঠকৰে সভানেত্ৰী প্ৰেম টিব্ৰেৱালে।