নগাঁওঃ অসমীয়াৰ বাপতি সাহোন ব’হাগ বিহুৰ মাজতে নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগতভাৱে পালন কৰা হয় ঐতিহাসিক গোঁসাই উলিওৱা উৎসৱ৷ ইতিহাসে ঢুকি পোৱা দিনৰে পৰা উদযাপন কৰি অহা ৰজাদিনীয়া গোঁসাই উলিওৱা উৎসৱ বৰ্তমান সময়ত মধ্য অসমৰ জিলা দুখনৰ সৰ্বস্তৰৰ লোকৰ বাবে এক অপৰিহাৰ্য অংগস্বৰূপ হৈ পৰা দেখা গৈছে৷
প্ৰতিবছৰৰ দৰে ব’হাগৰ পৰা জেঠ মাহলৈ ঠায়ে ঠায়ে আড়ম্বৰপূৰ্ণভাবে পালন কৰা উৎসৱত জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলোৰে মাজত একপ্ৰকাৰে সমন্বয়ৰ সেঁতু গঢ়ি আহিছে৷ পুৰণি ঐতিহ্যৰ সোঁৱৰণীৰে বিগত বৰ্ষবোৰৰ দৰে এই বেলিও নগাঁও জিলাৰ পশ্চিম অঞ্চলৰ বিভিন্ন স্থানত পহিলা ব’হাগৰ সপ্তাহৰ পৰাই ব্যাপক উৎসাহ-উদ্দীপনেৰে এই উৎসৱ উদযাপন কৰি অহা হৈছে৷