জয়ন্ত মুদৈ, নগাঁওঃ এজনী কনমানি ছোৱালী৷ নাম নিদৰ্শণা কলিতা৷ সকলোৱে মৰমতে তাইক মাতে দৃষ্টি বুলি৷ সোমবাৰে তাইৰ শুভ ওপজা দিনটোতে এক মহৎ কামেৰে সকলোৰে আগত দেখুৱালে এক নিদৰ্শন৷
আচলতে প্ৰতিটো শিশুৱেই নিজৰ জন্মদিনটো সদায় অতি উলহ-মালহেৰে পালন কৰিব বিচাৰে৷ নিদৰ্শণাইয়ো প্ৰত্যেক বছৰে পৰিয়ালৰ সতে উলহ-মালহেৰে এই দিনটো পালন কৰি আহিছিল যদিও এইবাৰ সিদ্ধান্ত ল’লে বিশেষ দিনটো উদ্ যাপন নকৰাৰ৷ টেলিভিশ্বনত চাৰিওফালে বৰ্নাত্যৰ হাহাকাৰ, ভোকে-পিয়াহে গৃহহীন, বস্ত্ৰহীন কন-কন শিশুসকলৰ কান্দোন, মৰমৰ ঘৰখন পানীয়ে উটোৱাই নিয়াৰ পিছত কিতাপ পত্ৰ বিচাৰি নিজৰ বয়সৰ ছাত্ৰ-ছাত্ৰীসকলে টিভিত কান্দি কান্দি কোৱা দুখৰ কথাবোৰে আঠ বছৰীয়া ছোৱালীজনীৰ হৃদয় কপাঁই তুলিলে৷