কন্দলী পাহাৰৰ বাদুলী খোৰোং মেলাৰপৰা জয়ন্ত মুদৈঃ নগাঁও জিলাৰ দক্ষিণ-পূব প্ৰান্তত অৱস্থিত ইতিহাসপ্ৰসিদ্ধ কন্দলী পাহাৰত সম্পূৰ্ণ উদুলি-মুদুলি পৰিৱেশৰ মাজেৰে বুধবাৰৰেপৰা আৰম্ভ হৈছে ঐতিহাসিক বাদুলী খোৰোং মেলা।
প্ৰতিবছৰে শিৱৰাত্ৰীৰ এদিন পাছৰেপৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ব্যাপক উলহ-মালহেৰে পৰম্পৰাগতভাৱে উদযাপন কৰি অহা এই মেলালৈ পূৰ্বৰ বছৰবোৰৰ দৰেই এইবাৰো আৰম্ভণিৰ দিনাই বৈছে জনতাৰ লানি নিছিগা সোঁত। বৰ্তমান পৰীক্ষাৰ বতৰ চলি থকা সত্ত্বেও সৰ্বত্ৰে উৎসাহ-উদ্দীপনা বিয়পি পৰাৰ লগতে ৰাইজৰ বিপুল সমাগমেৰে কন্দলী পাহাৰ উজ্বলি উঠা দেখিবলৈ পোৱা গৈছে৷