কন্দলী পাহাৰৰ বাদুলী খোৰোঙৰপৰা জয়ন্ত মুদৈঃ নগাঁও জিলাৰ দক্ষিণ-পূব প্ৰান্তত অৱস্থিত ইতিহাস প্ৰসিদ্ধ কন্দলী পাহাৰত বিগত বৰ্ষবোৰৰ দৰে এইবেলিও কাইলৈৰপৰা তিনিদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে ঐতিহাসিক বাদুলী খোৰোং মেলা অনুষ্ঠিত হ’ব৷
কাইলৈ পুৱা ৯ বজাত পতাকা উত্তোলনেৰে উক্ত মেলা উৎসৱৰ শুভাৰম্ভ ঘটোৱাৰ পাছতেই বাদুলী খোৰোঙৰ দ্বাৰ মুকলি, খোৰোং প্ৰদৰ্শন আদি বিভিন্ন কাৰ্যসূচীৰ লগতে ওৰে দিনটো অবিৰতভাৱে নাম-কীৰ্তন অনুষ্ঠিত কৰা হ’ব ৷ তদুপৰি বাকী দিনকেইটাত নানা সাংস্কৃতিক মনোৰম কাৰ্যসূচীৰ আয়োজন কৰা হৈছে৷