82
নগাঁও/বটদ্ৰৱাঃ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ তথা এক শৰণ নাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগতে শ্ৰীশ্ৰী শলগুৰি আৰু নৰোৱা সত্ৰই গ্ৰহণ কৰি অাহিছে বিভিন্ন পদক্ষেপ ৷
এই ক্ষেত্ৰত নতুন সংযোজন ঘটাই সোমবাৰে সূচনা হ’ল এক নতুন অধ্যায়ৰ৷ ৰাজ্যৰ ভিন্ন স্থানত বটদ্ৰৱা থানৰ শাখা সত্ৰসমূহ মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছিল যদিও ৰাজ্যখনৰ প্ৰাণকেন্দ্ৰ ৰাজধানী গুৱাহাটীত হোৱা নাছিল এই শাখাৰ আৰম্ভনি৷