জয়ন্ত মুদৈ,নগাঁওঃ বিধান সভাৰ নিৰ্বাচনলৈ মাজত দুটাকৈ বছৰ বাকী থকাৰ সময়ছোৱাত শাসক দলৰ বিধায়িকা আঙুৰলতা ডেকাৰ জনহিতকৰ কাম-কাজে বটদ্ৰৱা সমষ্টিত বিৰোধী দল কংগ্ৰেছৰ সন্মুখত মোক্ষম আঘাত কঢ়িয়াই আনিছে। আজি শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগাদান কৰিলে বিজেপিত। 

সমষ্টিটোৰ শংকৰদেৱ শিশু নিকেতনত সমষ্টি ভিত্তিত বিস্তাৰক কৰ্মশালা, সদস্য ভৰ্ত্তি আৰু যোগদানৰ এখন সভাত বিভিন্ন প্ৰান্তৰৰ শতাধিক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰে। বিধায়িকা আঙুৰলতা ডেকা উপস্থিত থকা এই সভাত নতুনকৈ যোগদান কৰা প্ৰতিগৰাকী সদস্যক বিধায়িকা গৰাকীয়ে গেৰুৱা বসন পিন্ধোৱাৰ লগতে সদস্য ভুক্তিৰ পৰিচয় পত্ৰৰে নিজৰ দললৈ আদৰণি জনায়। 

আজি বিজেপিত যোগদান কৰা সকলৰ ভিতৰত কদমনি পঞ্চায়তৰ কংগ্ৰেছ নেতা হালি মুদ্দিন, আহমেদ আলি, ৰুস্তম আলি আয়েছা খাতুন, আমিনা খাতুন, ভোমোৰাগুৰি গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ ৱাৰ্ড সদস্য শ্বৰাফট আলি, দিলদাৰ হুছেইন, ৰফিকুল ইছলাম, ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তৰ কংগ্ৰেছ কৰ্মী আব্দুল কাছেম, নুৰুল ইছলাম, হালিমুদ্দিন, গুলজাৰ হুছেইন, মামুদ আলী, জয়নাল আবেদিন, সুৰুজ আলি, মুক্তাৰ আলি, ৰুহুল আমিনকে প্ৰমুখ্য কৰি প্ৰায় পাঁচ শতাধিক লোকে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। 

বিজেপি দলৰ সদস্য ভৰ্তি অভিযানত বিধায়িকা আঙুৰলতা ডেকাৰ উপৰিও বটদ্ৰৱা সমষ্টিৰ দলৰ বিস্তাৰক দীপক কুমাৰ গোস্বামী, ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সম্পাদক গুলজাৰ হুছেইন, বটদ্ৰৱাৰ মণ্ডল প্ৰভাৰী অতুল পাটৰ, দলংঘাটৰ মণ্ডল সভাপতি যজ্ঞেশ্বৰ বৰা, বিপিন বৰা, দুলুমনি কলিতা, পংকজ বৰুৱা, ভাস্কৰ জ্যোতি বৰা আদি উপস্থিত থাকে। 

উল্লেখ্য যে, যোৱা সপ্তাহত সহস্ৰাধিক কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰাৰ পিছত বৃহস্পতিবাৰে পুনৰ পাঁচ শতাধিক লোক বিজেপি মুখী হোৱা কাৰ্যই বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিত দিনক দিনে জনপ্রিয়তা বৃদ্ধি হোৱাটোকে প্ৰতিপন্ন কৰে বুলি একাংশই মত প্ৰকাশ কৰিছে। ইফালে, সভা আৰম্ভ হোৱাৰ আগমুহুৰ্তত বিধায়িকা গৰাকীয়ে শ্ৰী শ্ৰী বটদ্ৰৱা থানত সেৱা আগবঢ়োৱাৰ লগতে পবিত্ৰ আকাশী গংগাৰ জলধাৰাত এটি কাছ মেলি দি প্ৰকৃতি প্ৰেমৰ প্ৰতি সজাগতা প্ৰদৰ্শন কৰে।