নগাঁওঃ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানখনিত ৰূপায়িত হ’বলগীয়া বিভিন্ন উন্নয়নমূলক কাৰ্যৰ বাবে অসম চৰকাৰে ইতিমধ্যেই বিগত বিত্তীয় বৰ্ষতে আগবঢ়াইছিল তিনি কোটি পাঁচ লাখ টকা৷
এই ধনৰাশিৰে বটদ্ৰৱা থানত ৰূপায়ন কৰিবলগীয়া প্ৰকল্পৰ আনুষ্ঠানিক আধাৰশিলা দেওবাৰে স্থাপন কৰা হয়৷ বটদ্ৰৱা থানত সত্ৰীয়া ৰীতি-নীতিৰে নগাঁও জিলাৰ উপায়ুক্ত তথা চৰকাৰীভাৱে গঠিত শ্ৰীশ্ৰী বটদ্ৰৱা থান উন্নয়ন সমিতিৰ অধ্যক্ষ যাদৱ শইকীয়াৰ লগতে বটদ্ৰৱা থান পৰিচালনা সমিতি সভাপতি তথা সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামীয়ে আধাৰশিলা স্থাপনেৰে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে৷