73
জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ অন্তৰ্গত বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত শান্তিজান অৰ্ধ-সাপ্তাহিক বজাৰত আজি কিছুদিন ধৰি এক দুষ্টচক্ৰই অবৈধভাৱে দোকান ঘৰ নিৰ্মাণ কৰাৰ লগতে একাংশই অবৈধভাৱে মাচুল সংগ্ৰহ কৰাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।
শান্তিজান বজাৰ পৰিচালনা সমিতিয়ে দিয়া এক অভিযোগ অনুসৰি দুষ্টচক্ৰটোৱে যোৱা ফেব্ৰুৱাৰী মাহৰপৰা এক কুটিল ষড়যন্ত্ৰত লিপ্ত হৈ বজাৰৰ কেইবাখনো দোকানৰ ভেটি অবৈধভাৱে দখল কৰিছে।