নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়া-ডিমৌ-বাংঠাই মণ্ডল কংগ্ৰেছ কমিটিৰ উদ্যোগত শনিবাৰে এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়৷ বেবেজীয়া ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ সভাকক্ষত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হোৱা সভাখনিত বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ এলেকাধীন অঞ্চলসমূহৰপৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়৷
সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰি নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই কৃৰ্তী ছাত্ৰ-ছাত্ৰীসকলক ফুলাম গামোচা, কিতাপ, কলম আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনায়৷ প্ৰাক্তন বিধায়কগৰাকীয়ে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি দিয়া চমু ভাষণত বৰ্তমানৰ তথ্য-প্ৰযুক্তি আৰু প্ৰতিযোগিতাৰ যুগত ছাত্ৰ-ছাত্ৰীসকলক সময়ৰ লগত খাপ খুৱাই এটা নিৰ্দিষ্ট লক্ষ্যৰ দিশে আগবাঢ়ি যাবলৈ আহ্বান জনায়৷