Home ৰাজ্যবেবেজীয়াত ব্যতিক্ৰমী প্ৰীতিমেল

বেবেজীয়াত ব্যতিক্ৰমী প্ৰীতিমেল

by News Desk
66 views
A+A-
Reset

নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াস্থিত প্ৰিন্স ধাবাত বৃহস্পতিবাৰে নিশা এক ব্যতিক্ৰমী প্ৰীতিমেল অনুষ্ঠিত কৰা হয়৷ প্ৰিন্স ধাবাৰ ব্যৱস্থাপনাত আয়োজিত এই প্ৰীতিমেলত কেইবাগৰাকী শিল্পীয়ে গীত আৰু নৃত্য পৰিৱেশনেৰে উপস্থিত অভ্যাগত সকলক মনোৰঞ্জনৰ খোৰাক যোগাবলৈ সক্ষম হয়৷ 

উদ্যমী যুৱক গুণজিত কুমাৰ দাসে আঁত ধৰা অনুষ্ঠানত পুৰুষ আৰু মহিলাৰ দ্বৈত কণ্ঠৰে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰা নগঞা শিল্পী পদুম বৰা আৰু বিপ্লবী শিল্পী জিতু স্বাবনে গীত পৰিৱেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে৷ বেবেজীয়া প্ৰেছ ক্লাবৰ সভাপতি সমীৰ হাজৰীকাৰ সঞ্চালনত অনুষ্ঠিত এই অন্তৰংগ প্ৰীতিমেলত ধৰ্মপ্ৰাণ মহিলা মিনতি দাস, আৰ্য্য জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ৰিপুঞ্জয় শৰ্মা, বেবেজীয়া প্ৰেছ ক্লাবৰ সম্পাদক প্ৰাঞ্জল বৰদলৈ, ৰাজ্যিক কৃৰ্তী শিক্ষকৰ বঁটা প্ৰাপ্ত শিক্ষয়িত্ৰী অঞ্জুৰাণী বৰা, ৰামানুজন জুনিয়ৰ কলেজৰ প্ৰবক্তা দেবজিত দাস, কে.ডি.গ্ৰুপৰ স্বৰ্তাধিকাৰী জিতুল চন্দ্ৰ দাস, বেবেজীয়-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি লক্ষী বৰদলৈ, বেবেজীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৃপেন চন্দ্ৰ ভূঞা, জাজৰি প্ৰেছ ক্লাবৰ সভাপতি জয়ন্ত মুদৈ, অসম প্ৰৱাহ কাকতৰ কাৰ্যবাহী সম্পাদক মৃগেন কুমাৰ নাথ, নগাঁও প্ৰেছ ক্লাবৰ সম্পাদক ভাস্কৰ জ্যোতি মেধী, নগাঁও ইলেক্ট্ৰ’নিক মিডিয়া এচ’ছিয়েছ’নৰ সম্পাদক জ্যোতি প্ৰসাদ বৰা, সৰবৰহী যুৱক ধ্ৰুৱ বৰদলৈ, ভদ্ৰ বৰা, জ্যোতিময় দাস, শইকীয়া এন্টাৰপ্ৰাইজৰ পৰিচালক অতুল বৰা, জ্যেষ্ঠ সাংবাদিক কল্যান কুমাৰ বৰা, গকুল ভাৰতী, ৰিতুপৰ্ণ শৰ্মা, ৰঞ্জন জ্যোতি মহন্ত, মানস জ্যোতি মহন্ত, দেবব্ৰত বৰা, তুষাৰ শৰ্মাকে প্ৰমুখ্য কৰি শতাধিক লোক উপস্থিত থাকে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0