জয়ন্ত মুদৈ, নগাঁওঃ সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱৰো চৌপাশ আৱৰি ৰাখিছে ৰঙালীৰ ৰঙীন আনন্দই৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ গগণচুম্বী দাম বৃদ্ধিয়েও যেন ম্লান কৰিব পৰা নাই বিহুৰ আনন্দ-উছাহত৷

বিগত তিনিটা দিনৰ দৰে বুধবাৰেও নগঞাৰ মাজত অব্যাহত আছে ৰঙালীৰ পাৰভগা উছাহ৷ বিহু উপলক্ষ্যে জিলাখনৰ গ্ৰামাঞ্চলবোৰৰ প্ৰতিটো চুকে-কোনে খেল-ধেমালিৰ ধুম উঠা পৰিলক্ষিত হৈছে৷

দুই-তিনিখন গাঁও লগ হৈ এডোখৰ মুকলি ঠাইত অনুষ্ঠিত কৰা এনে প্ৰতিযোগিতাত কণ কণ শিশুৰপৰা ডেকা-বুঢ়া পৰ্যন্ত লোকে আনন্দ-স্ফূৰ্তিৰে অংশগ্ৰহণ কৰিছে৷ তদুপৰি বিয়লিৰপৰা প্ৰতিখন গাঁৱৰ পুৰুষ-মহিলা, যুৱক-যুৱতী লগ হৈ পৰম্পৰা অনুসৰি ঘৰে ঘৰে হুঁচৰি গাই এক সুকীয়া মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিছে৷

কিন্তু এনে এক পৰিৱেশৰ মাজতে আজি জিলাখনৰ অধিকাংশ বিদ্যালয়ত পাঠদান কাৰ্য ব্যাহত হয় শিক্ষাৰ্থীৰ অভাৱত৷ জানিব পৰা মতে, জিলাখনৰ গ্ৰামাঞ্চলত থকা বিভিন্ন স্তৰৰ শিক্ষানুষ্ঠানবোৰত একমাত্ৰ ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ বাবেই পাঠদান কাৰ্যত ব্যাঘাত জন্মে৷ 

বহু সময় অপেক্ষা কৰাৰ পাছতো পৰ্যাপ্ত ছাত্ৰ-ছাত্ৰী উপস্থিত নোহোৱাত উপায়ন্তৰ হৈ শিক্ষক-শিক্ষয়িত্ৰীসকলে বিদ্যালয় আধাতে ছুটি দিবলৈ বাধ্য হয়৷ 

উল্লেখ্য, বিদ্যালয়বোৰত আজি আশ্চৰ্যজনকভাৱে ৩-৮ গৰাকীমানহে ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে বুলি জানিব পৰা গৈছে৷