নগাঁওঃ নগাঁও জিলাৰ হাতীচোঙৰ হুচৰি দলক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় জিলা খনত৷ অসমীয়া কলা-কৃষ্টি-সংস্কৃতি তথা বিহুৰ ঐতিহ্য-পৰম্পৰা আমাৰ মাজত অক্ষুন্ন ৰখাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে ৰঙালী বিহুৰ অন্যতম পুৰণি পৰম্পৰা অনুসৰি হুচৰি জুৰিবলৈ যোৱা এটা হুচৰি দলক নগাঁও জিলাৰ জাজৰি থানাৰ অন্তৰ্গত হাতীচোঙত প্ৰাণে মৰাৰ ভাবুকি প্ৰদানেৰে ঘৰৰ পৰা খেদি পঠিওৱা ঘটনাই অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পাৰ মতে, যোৱা ১৬ এপ্ৰিলৰ নিশা জাতীয় উৎসৱ ৰঙালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি স্থানীয় হাতীচোঙৰ কমাৰচুকৰ শিৱ বৰা নামৰ লোকজনৰ ঘৰত হুচৰি গাবলৈ যায়৷ স্থানীয় লোকসকলৰ ঘৰত গোৱাৰ দৰে লোকজনৰ ঘৰতো হুচৰি জুৰিবলৈ ধৰোতে গৃহস্থ শিৱ বৰা আৰু তেওঁৰ পুত্ৰ অসীম বৰাই বাধা প্ৰদান কৰে৷ চৰম উদ্ভণ্ডালি প্ৰদৰ্শনেৰে পিতা-পুত্ৰই “ৰাতি হুচৰি গাব আহিছ, আমাৰ টোপনি ক্ষতি কৰিবলৈ আহিছ” বুলি হুচৰি দলটোত অকাৰণতে ককৰ্থনা কৰে৷