photo-internet
photo-internet

নগাঁওঃ নগাঁও জিলাৰ হাতীচোঙৰ হুচৰি দলক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় জিলা খনত৷ অসমীয়া কলা-কৃষ্টি-সংস্কৃতি তথা বিহুৰ ঐতিহ্য-পৰম্পৰা আমাৰ মাজত অক্ষুন্ন ৰখাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে ৰঙালী বিহুৰ অন্যতম পুৰণি পৰম্পৰা অনুসৰি হুচৰি জুৰিবলৈ যোৱা এটা হুচৰি দলক নগাঁও জিলাৰ জাজৰি থানাৰ অন্তৰ্গত হাতীচোঙত প্ৰাণে মৰাৰ ভাবুকি প্ৰদানেৰে ঘৰৰ পৰা খেদি পঠিওৱা ঘটনাই অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ 

জানিব পাৰ মতে, যোৱা ১৬ এপ্ৰিলৰ নিশা জাতীয় উৎসৱ ৰঙালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি স্থানীয় হাতীচোঙৰ কমাৰচুকৰ শিৱ বৰা নামৰ লোকজনৰ ঘৰত হুচৰি গাবলৈ যায়৷ স্থানীয় লোকসকলৰ ঘৰত গোৱাৰ দৰে লোকজনৰ ঘৰতো হুচৰি জুৰিবলৈ ধৰোতে গৃহস্থ শিৱ বৰা আৰু তেওঁৰ পুত্ৰ অসীম বৰাই বাধা প্ৰদান কৰে৷ চৰম উদ্ভণ্ডালি প্ৰদৰ্শনেৰে পিতা-পুত্ৰই "ৰাতি হুচৰি গাব আহিছ, আমাৰ টোপনি ক্ষতি কৰিবলৈ আহিছ" বুলি হুচৰি দলটোত অকাৰণতে ককৰ্থনা কৰে৷ 

এনে অনাকাংক্ষিত পৰিস্থিতিত হুচৰিৰ দলটোৰ যুৱকসকলে গৃহস্থক কিয় এনেদৰে অপমান কৰিছে বুলি সোধাত দুয়ো মতগৰ্বী পিতা-পুত্ৰই উগ্ৰমূৰ্তি ধাৰণ কৰি নানা অশ্লীল ভাষাৰে চিঞৰি চিঞৰি গালি-গালাজ পৰাৰ লগতে ভিতৰৰ পৰা চোকা অস্ত্ৰ আনি হুচৰিৰ দলটোক মাৰিবলৈ খেদি আহে৷ এনে অৱস্থাত উপায়হীন হৈ হুচৰিৰ দলটোৰ যুৱকসকলে প্ৰাণৰ ভয়ত পলায়ণ কৰে৷ 

পিছত হুচৰি দলটোৰ যুৱকসকলে স্থানীয় জাজৰি থানাত সমগ্ৰ ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰি উচিত তদন্ত দাবী কৰি দোষীক শাস্তি প্ৰদানৰ দাবী জনাই এখন এজাহাৰ দাখিল কৰে৷ জাতীয় পৰম্পৰা পালনৰ বাবে যোৱা হুচৰি দলক চৰম অপমানিত কৰি অসমীয়া বিহু সংস্কৃতিক উপলুঙা কৰা দুই পিতা-পুত্ৰই এই অভিোগক অস্বীকাৰ কৰি হুচৰি দলটোৱে তেওঁলোকৰ ঘৰত অশান্তি কৰা বুলি অভিোগ উত্থাপন কৰি পৃথক এজাহাৰ দাখিল কৰে৷ 

এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলজুৰি ব্যাপক চৰ্চা লাভ কৰাৰ বিপৰীতে হুচৰি দলক অপমানিত কৰা কাৰ্যক সচেতন লোকসকলে গৰিহণা দি ঘটনাৰ উচিত তদন্ত কৰিবলৈ দাবী জনায়৷ দোষীক ধৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায়৷ ইফালে, দুয়ো পক্ষৰে এজাহাৰৰ ভিত্তিত জাজৰি আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে যদিও যিদৰে তদন্তত আগবাঢ়িব লাগে তাকে নকৰি হুচৰি দলক অপমান কৰা তথা প্ৰাণ নাশৰ ভাবুকি দিয়া দুই পিতা-পুত্ৰক জাজৰি আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰহে কৌশল ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷