নগাঁওঃ যোৱা দুদিন ধৰি সন্ধানহীন হৈ থকা নগাঁও জিলাৰ জাজৰি থানাৰ অন্তৰ্গত ৰাইদঙীয়াৰ আইভেটিৰ অৰুণ বৰা নামৰ এজন শিক্ষকৰ মৃতদেহ ঘৰৰ কিছু নিলগৰ এটা ডুবিত ৰহস্যজনকভাৱে শনিবাৰে উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য মতে, ৰাইদঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক অৰুণ বৰাই নিজৰ এএছ-০২-এন ৮৩৯৩ নম্বৰৰ মটৰ চাইকেলখনেৰে পৰহি পুৱাৰ ভাগত ঘৰৰপৰা ওলাই গৈছিল। কিন্তু এনেদৰে ঘৰৰপৰা ওলাই যোৱাৰ পাছৰেপৰা ৰহস্যজনকভাৱে নিখুঁজ হৈ পৰিছিল শিক্ষকজন৷