Home ৰাজ্যশিশুৰ কাকলিৰে মুখৰিত নগাঁৱৰ কলঙৰ বাকৰি নেহৰুবালি

শিশুৰ কাকলিৰে মুখৰিত নগাঁৱৰ কলঙৰ বাকৰি নেহৰুবালি

by News Desk
A+A-
Reset
child

নগাঁওঃ শিশুৰ কলৰৱৰে মুখৰিত হৈ পৰিল নগাঁৱৰ কলঙৰ বাকৰি নেহৰুবালি। উত্তৰ-পূব শিশু গ্ৰন্থমেলাৰ আজি পঞ্চমটো দিনৰ কাৰ্যসূচী অনুসৰি পুৱা নেহৰুবালিৰ প্ৰদীপ শইকীয়া ক্ষেত্ৰত অনুষ্ঠিত হয় ৰং আৰু সাধুৰ ধেমালি শীৰ্ষক এক ব্যতিক্ৰমধৰ্মী অনুষ্ঠান। 
অকণিৰ সাহিত্য সভাৰ সঞ্চালক দুলাল বৰা আৰু চিত্ৰশিল্পী সুজিত দাসৰ পৰিচালনাত অনুষ্ঠিত হোৱা এই বিশেষ অনুষ্ঠানটিত সহস্ৰাধিক শিশুৱে অংশ লৈ ৰং-তুলিকাৰে প্ৰকৃতিৰ বিধ্বংসী ৰূপ প্ৰতিভাত কৰি তোলাৰ বিপৰীতে আন একাংশ শিশুৱে সাধুকোৱা, ৰচনা লিখা, কবিতা আবৃত্তি প্ৰতিযোগিতাত অংশ লৈ নিজৰ নিজৰ দক্ষতাৰ পৰিচয় দাঙি ধৰে। 
ইফালে, আন একাংশ শিশুৱে আকৌ বক্তৃতানুষ্ঠানখনতো অংশগ্ৰহণ কৰি প্ৰতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয়। শিশুৰ এই বিশেষ অনুষ্ঠানটিত বিশিষ্ট চিত্ৰশিল্পী সমীৰণ বৰুৱা, শিশু সাহিত্যিক নূপুৰ মোমাইদেউ, দিলীপ কুমাৰ বৰুৱা, লোক সংস্কৃতিৰ গৱেষক বিষ্ণুৰাম মেধি আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 
এই মনোগ্ৰাহী অনুষ্ঠানটিতে দেৱকান্ত হাজৰিকাৰ ‘চিলা’ নামৰ এখনি শিশু নাটো মঞ্চস্থ কৰা হয়। এই অনুষ্ঠানটিতে শিশু সাহিত্যিক নূপুৰ মোমাইদেউৰ ‘কিচিৰ মিচিৰ টু টুত’ আৰু লক্ষী নাৰায়ন বৰাৰ ‘মইনাহঁতৰ সঁফুৰা’ নামৰ শিশু গ্ৰন্থ দুখনিও উন্মোচন কৰা হয়। গ্ৰন্থ দুখনি উন্মোচন কৰে ক্ৰমে লোক সংস্কৃতিৰ গৱেষক বিষ্ণুৰাম মেধি আৰু বিশিষ্ট চিত্ৰশিল্পী সমীৰণ বৰুৱাই। 
ইয়াৰ পাছতে বিয়লি গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত হয় ‘শৰতৰ আবেলি শব্দমুখৰ প্ৰতিধ্বনি’ শীৰ্ষক কাব্য-গীতৰ অনুষ্ঠান। সুৰৰ পানচৈ শিল্পী সমাজৰ ব্যৱস্থাপনাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত বহু কেইগৰাকী নবীন-প্ৰবীন শিল্পী-সাহিত্যিক উপস্থিত থাকে। আনহাতে সন্ধিয়াৰ ভাগত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে নৱৰূপ জাতীয় বিদ্যাপীঠে। এই সাংস্কৃতিক অনুষ্ঠানত নৱৰূপ জাতীয় বিদ্যাপীঠৰ ছাত্ৰ-ছাত্ৰীসকলে বৰ্ণাঢ্য কৃষ্টি-সংস্কৃতিৰ চানেকি ধৰিবলৈ সক্ষম হয়। ইফালে উত্তৰ-পূব শিশু গ্ৰন্থমেলাৰ পঞ্চমটো দিন উপলক্ষে গ্ৰন্থপ্ৰেমীৰে মুখৰিত হৈ পৰে নেহৰুবালিৰ প্ৰদীপ শইকীয়া ক্ষেত্ৰ। গ্ৰন্থ বিপণীসমূহত পচন্দৰ গ্ৰন্থ বিচাৰি ভিৰ কৰে গ্ৰন্থ অনৰাগীসকলে। নগাঁৱৰ এই গ্ৰন্থমেলাত নীলমণি ফুকনৰ ‘সম্পূৰ্ণ কবিতা’, উৎপল বৰুৱাৰ ‘আলিমূৰৰ কেঁকুৰি’, মৃণাল তালুকদাৰৰ ‘মান্দালয়’, জুৰি বৰা বৰগোহাঞিৰ ‘আংকুশ’ সৰ্বাধিক বিক্ৰী হোৱা বুলি জানিব পৰা গৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0