নগাঁওঃ ৰাজ্যত বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত কৰি এক সুকীয়া আসন দখল কৰা নগাঁৱৰ বৰদৈচিলা বিহু উৎসৱ অহা ২৫ আৰু ২৬ মে’ত অনুষ্ঠিত হ’ব। নগাঁৱৰ অগ্ৰণী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান নৱৰূপটি শিল্পী সংঘৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া বৰদৈচিলা বিহু উৎসৱ উদযাপন সমিতিৰ বিহু উৎসৱৰ নতুন সমিতি ইতিমধ্যে গঠন কৰে।
নৱৰূপটি শিল্পী সংঘৰ পানীগাঁৱৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত মুনীন্দ্ৰ শইকীয়াক সভাপতি, অশোক কুমাৰ বৰাক কাৰ্যকৰী সভাপতি, ধৰ্মেশ্বৰ হাজৰিকা আৰু সঞ্জীৱ কুমাৰ বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ ৫১ জনীয়া কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়।