Home ৰাজ্যজামুগুৰিত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত মহিলা নিহত

জামুগুৰিত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত মহিলা নিহত

by News Desk
A+A-
Reset
or

জয়ন্ত মুদৈ,নগাঁওঃ নগাঁও-মৰিগাঁও সংযোগী মূল পথৰ জাজৰি থানাৰ এলেকাধীন জামুগুৰি চাৰিআলিত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এগৰাকী মহিলা নিহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। জানিব পৰা মতে, বৃহস্পতিবাৰে বিয়লি প্ৰায় চাৰি বজাত জামুগুৰি নিৱাসী পুনিৰাম বৰা নামৰ ব্যৱসায়ী জনৰ পত্নী ইলা কাকতি বৰাই এ এছ-০২-ওৱাই ৯৯৯০ নম্বৰৰ স্কুটীখনেৰে ৰাস্তা পাৰ হ’ব ধৰোতেই নগাঁৱৰপৰা মৰিগাঁও অভিমুখে তীব্ৰ বেগেৰে আহি থকা এখন চুইফট ডিজেৱাৰ গাড়ীয়ে মহতিয়াই নিয়ে। 

দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে স্কুটী আৰোহী মহিলাগৰাকী বহু দূৰৈত ছিটিকি পৰে। ইপিনে, দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত মহিলাগৰাকীক লগে লগে সংকটজনক অৱস্থাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0