মৰিগাঁওঃ নগাওঁ চহৰত প্ৰাক্তন আলফাৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাৰ খলনায়ক ৰাজু দাস সন্দৰ্ভত মৰিগাঁৱত শেহতীয়াকৈ নিত্য নতুন তথ্য পোহৰলৈ আহিছে। উল্লেখ্য যে, এই বিতৰ্কিত ৰাজু দাসৰ পৰিয়ালে এসময়ত মৰিগাওঁ জিলাৰ ঝাৰগাঁৱত বসবাস কৰিছিল।
একাংশ স্থানীয় লোকে প্ৰকাশ কৰা মতে, ৯০ চন মানত এইজন ৰাজু দাসে ঝাৰগাওঁ চাৰিআলিৰ মনো দাসৰ মাটি ভাড়াত লৈ ওৱেলডিংৰ দোকান খুলি ব্যৱসায় আৰম্ভ কৰে। শনি দাসৰ পুত্ৰ ৰাজু দাসে সেই দোকানখনতে পাৱাৰ টিলাৰকে ধৰি বিভিন্ন কৃষকৰ সামগ্ৰীৰ দুই নম্বৰী ব্যৱসায় চলাইছিল।