জয়ন্ত মুদৈ, নগাঁওঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তবৰ্তী অঞ্চল বৰভগীয়াৰ বকুলতলত থকা চৰাইবাহী জুনিয়ৰ কলেজৰ এশ শতাংশ উত্তীৰ্ণৰ হাৰে অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে৷
এইবাৰ শিক্ষানুষ্ঠানখনৰপৰা কলা শাখাত অৱত্তীৰ্ণ হোৱা মুঠ ৩৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত আটাইকেইগৰাকী সুখ্যাতিয়ে উত্তীৰ্ণ হৈছে৷ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত ১০ গৰাকীয়ে প্ৰথম বিভাগ, ২১ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৩ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে৷