52
নগাঁওঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি সময়ত স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে প্ৰতিখন গাঁও, চহৰ-নগৰ, ৰাজ্য তথা আমাৰ চৌপাশ পৰিষ্কাৰ-পৰিছন্ন কৰি ৰখাৰ উদ্দেশ্যে নানা প্ৰকাৰৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে, ঠিক তেনে সময়তে এক বিপৰীত ছবিহে প্ৰতিফলিত হৈছে নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ ধূপগুৰিত।
জিলাখনৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ ধূপগুৰি অঞ্চলৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ধূপগুৰি বজাৰত দেখা গৈছে এই দৃশ্য৷