জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি নগাঁও চহৰত চিলনী চোৰে সংঘটিত কৰি আহিছে ইটোৰ পিছত সিটো ধন লুটৰ ঘটনা। বিগত কেইবাদিনো ধৰি চিলনী চোৰৰ সন্ত্ৰাস অব্যাহত থকাৰ পাছতো চিলনী চোৰৰ সন্ত্ৰাস ৰোধ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে নগাঁও আৰক্ষী।
শেহতীয়াভাৱে নগাঁও চহৰৰ অতি গুৰুত্বপূৰ্ণ তথা অভিজাত অঞ্চল আমোলাপট্টি অঞ্চলত পাঁচটাৰো অধিক এনে ধৰণৰ ঘটনা সংঘটিত হৈছে। বৃহস্পতিবাৰেও দিনদুপৰতে নগাঁও চহৰৰ মাজেৰে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পুৰণা ঘাইপথৰ চলাচল হোটেলৰ সন্মুখত এগৰাকী মহিলাৰপৰা পালছাৰ বাইকত অহা দুজন অচিনাকি দুৰ্বৃত্তই ধনৰ বেগ কাঢ়ি লৈ উধাও হয়।