♦অন্ন-বস্ত্ৰৰ বাবে কঠোৰ পৰিশ্ৰমত বৰ্তি হৈ কটাইছে যন্ত্ৰণাদায়ক জীৱন

জয়ন্ত মুদৈ,নগাঁওঃ  প্ৰতি বছৰে পহিলা মে’ৰ দিনটো পালন কৰা হয় শ্ৰমিক দিৱস হিচাপে ৷ কিন্তু পৰিতাপৰ বিষয় যে দেশৰ সৰ্বত্ৰে নানা কাৰ্যসূচীৰে উদযাপিত হোৱা এই শ্ৰমিক দিৱসৰ সফলতাৰ মাজতে আজিৰ তাৰিখটো অসমৰ হাজাৰ-বিজাৰ শিশু শ্ৰমিকৰ অসহায়,কৰুণ আৰ্তনাদে কঁপাই আছে ৰাজ্যৰ আকাশ-বতাহ ৷

ধূলি-বালিৰে উমলি ফুৰাৰ বয়সতো এই দুৰ্ভগীয়া শিশুসকলে এমুঠি অন্ন,এযোৰ বস্ত্ৰৰ বাবে পুৱাৰে পৰা নিশা পৰ্যন্ত কঠোৰ পৰিশ্ৰম কৰিহে জীৱন ধাৰণ কৰিবলগীয়া হৈছে ৷ শ্ৰমিক দিৱস যেন এই পৰিশ্ৰমী অবুজ শিশুসকলৰ কাৰণে এক বুজাব নোৱাৰা জটিল সাঁথৰ ৷

প্ৰণিধানযোগ্য যে, এক বেচৰকাৰী সংস্থাই প্ৰকাশ কৰা সমীক্ষা অনুসৰি সমগ্ৰ অসমৰ মুঠ ১,৩৫,৬৭৭ টি শিশু শ্ৰমিকৰ ভিতৰত কেৱল নগাঁও জিলাতে সম্প্ৰতি ১১,৩২২ টি শিশু শ্ৰমিকে এক যন্ত্ৰণাদায়ক জীৱন অতিবাহীত কৰিব লগাত পৰিছে ৷ দৰিদ্ৰতাই কোঙা কৰি ৰখা এই শিশু শ্ৰমিকসকলে সমবয়সৰ আভিজাত পৰিয়ালৰ শিশুবোৰৰ দৰে হাঁহি-তামাচাৰে সোণালী শৈশৱ পাৰ কৰিবলৈ কাহানিও সময় উলিয়াব পৰা নাই ৷ কাৰণ পুৱাৰে পৰা দুভাগ নিশালৈকে হাড়ভঙা পৰিশ্ৰম কৰিলেহে এসাঁজ খাবলৈ পায় নতুবা এযোৰ কাপোৰ পিন্ধিবলৈ পায় ৷

কাজেই,পেটৰ ভাত মুঠিৰ লগতে লাজ নিবাৰণৰ শৰীৰৰ বস্ত্ৰৰ বাবে পাঁচ বছৰৰ পৰা চৈধ্য বছৰ বয়সৰ শিশুসকলে জিলাখনৰ হোটেল,ধাবা,গেৰেজ বা কাৰখানা আদিত কাম কৰিবলৈ বাধ্য হৈছে ৷ কোৱা বাহুল্য মাথোন,বিদ্যালয়ৰ সুস্থ শৈক্ষিক পৰিবেশৰ মাজত ডেক্স-বেঞ্চত বহি পাঠ আওৰাই শিশুসকলে যিটো সময়ত শৈশৱ পাৰ কৰিব লাগিছিল,সেই সময়তে কিন্তু এই নিঃসহায় শিশুসকলে হোটেল,ধাবা বা ৰেষ্টুৰেন্টৰ পিছফালৰ কদৰ্যতাত বহি বাচন ধুইছে বা গেৰেজত হাতুৰিৰে লোহা কোবাইছে ৷

আনহাতে আন একাংশই আকৌ বিদ্যালয়লৈ যোৱাৰ পৰিবৰ্তে গৃহস্থৰ পদূলিয়ে পদূলিয়ে বেচি ফুৰিছে আলু,কচু,বেঙেনা তথা যাত্ৰীবাহী বাছত ঘুৰি ফুৰিছে হেণ্ডিমেন হিচাপে ৷ উল্লেখ্য যে,জিলাখনৰ প্ৰধানকৈ সংখ্যালঘূ অধ্যুষিত অঞ্চলৰ সৰ্বাধিক শিশুৰ উপৰি চাহ জনগোষ্ঠী,অনুসূচিত জাতি আৰু জনগোষ্ঠীৰ শিশুবোৰেই ঘাইকৈ কেইটামান টকাৰ বিনিময়ত মজুৰি কৰি অপৈণত কোমল দেহ অকালতে ঘূণীয়া কৰা দেখা গৈছে ৷ তদুপৰি ভীষণ আৰ্থিক দীনতাৰ বাবেই বহু শিশুক আকৌ নিজৰ দৰিদ্ৰ পিতৃ-মাতৃয়ে বিভিন্ন ঠাইলৈ শ্ৰম কৰিবলৈ জোৰ জবৰদস্তি বা কেতিয়াবা মাৰপিট কৰিও পঠিওৱা দেখিবলৈ পোৱা যায় ৷

আনকি মাত্ৰ ডেৰ-দুহাজাৰ টকা মাহিলি বেতনত লোকৰ  ঘৰত কাম কৰা শিশুসকলৰ অধিকাংশই গৰাকীৰ অমানৱীয় শাৰীৰিক-মানসিক নিৰ্যাতনত ঘূণীয়া হ’বলগীয়াতো পৰে ৷ কিন্তু শিশুসকলৰ সৰ্বাংগীন উন্নয়ণৰ নামত ফটা ঢোল কোবোৱাত সিদ্ধহস্ত ৰাজ্যৰ শিক্ষা বিভাগে এই দুৰ্ভগীয়া শিশু শ্ৰমিকসকলৰ এনে কদৰ্যময় জীৱনৰ প্ৰতি চকু দিয়াৰ যেন অলপো আহৰি নাই ৷ গতিকে প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনকৰণ,শিশু শ্ৰমিক আইন আদিক প্ৰহসনত পৰিণত কৰি তুলিছে এই শিশু শ্ৰমিকসকলৰ যন্ত্ৰণাদায়ক জীৱনে ৷ পাৰিবনে বাৰু সৰ্বশিক্ষাই ইহঁতবোৰৰ কঠিন হাত দুখনত জ্ঞানৰ বন্তিগচি তুলি ধৰিব ?? সেয়া আজিৰ তাৰিখত এক জটিল সাথৰ যেন হৈ পৰিছে ৷