নগাঁওঃ সুৰনন্দন ভাৰতীৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে কলকতাৰ বিড়লা একাডেমিত আয়োজন কৰা ৰূপালী জয়ন্তী অনুষ্ঠানত নগাঁৱৰ চিত্ৰশিল্পী তথা শংকৰ-মাধৱ চিত্ৰকলা বিদ্যালয়ৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা বৰুৱাক “চিত্ৰনন্দন” সন্মানেৰে সন্মানিত কৰা হয়।
লগতে নগাঁৱৰ আন এগৰাকীৰ খ্যাতনামা চিত্ৰশিল্পী প্ৰদীপ মজুমদাৰক “চিত্ৰনন্দনশ্ৰী” সন্মান প্ৰদান কৰা হয়। তদুপৰি তবলা বিশাৰদ জুলফিকাৰ হুছেইনক জীৱন কৃতী ,অধ্যাপিকা লক্ষ্মীপ্ৰভা বৰাক শিক্ষা নন্দন, অমৃত দত্তক কৃষ্টি নন্দন, সমীৰ গুপ্তাক কেন্দ্ৰ পৰিচালনাৰ সন্মান আৰু ইন্দ্ৰানী বৰাক শ্ৰেষ্ঠ ছাত্ৰী (সংগীত শিল্পী) সন্মান প্ৰদান কৰা হয়।