40
জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তত সঘনাই সংঘটিত হৈ থকা চুৰিৰ ঘটনাই গঞাক আতংকিত কৰি অহাৰ সময়তে শুকুৰবাৰে দিনদুপৰতে পুনৰ জাজৰি থানাৰ এলেকাধীন হাতীচোঙৰ উলুবাৰীত এক চুৰিকাণ্ড সংঘটিত হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷
আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোপোলা স্বৰূপটো উদঙাই দি উলুবাৰীৰ পুনুকণ হাজৰিকা নামৰ লোকজনৰ ঘৰত চোৰে লুট-পাত চলাই প্ৰায় দুই লক্ষাধিক টকাৰ সা-সম্পত্তি লুট কৰি নিয়ে৷