নগাঁওঃ উজনি অসমত চুলাই মদ সেৱন কৰি শতাধিক লোক মৃত্যুৰ মুখত পৰাৰ পাছতহে নগাঁৱৰ আবকাৰী বিভাগ যেন হঠাৎ সাৰ পালে। দীৰ্ঘদিনে আবকাৰী আৰু আৰক্ষীৰ সন্মুখতে নিৰ্বিঘ্নে অবৈধভাৱে সুৰাৰ ৰমৰমীয়া বেহা চলি থকাৰ পাছতো এনে বেহা ৰোধৰ বাবে আগ্ৰহ দেখুৱা নাছিল বিয়াগোম বিভাগটোৱে৷
কিন্তু উজনি অসমৰ ভয়াৱহ ঘটনাৰ পাছতেই সৰ্বত্ৰে সুৰাৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে লোৱা সৰব ভূমিকাৰ বাবেই উপায়্যন্তৰ হৈ শনিবাৰে সন্ধিয়া নগাঁৱৰ আবকাৰী বিভাগ অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযানত নামে৷