newsnextoneনগাঁও ৬অক্টোৱৰঃ নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত তথা গ্ৰামবিকাশ পৰিষদৰ সহযোগত বয়োজ্যেষ্ঠ দিৱসটি আজি জিলাখনৰ ৰাঙলুস্থিত গ্ৰামবিকাশ পৰিষদৰ বিদ্ধাশ্ৰমত অনুষ্ঠিত কৰা হয় ৷ 

উক্ত অনুষ্ঠানত নগাঁৱৰ জ্যেষ্ঠ নাগৰিক তথা তেজপুৰ নগৰ বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মুকুল শইকীয়া আৰু জলসিঞ্চন বিভাগৰ অৱসৰ প্ৰাপ্ত মূখ্য অভিযন্তা ললিত দত্তক সম্বৰ্দ্ধনা জনোৱা হয়  লগতে বিদ্ধাশ্ৰম খনৰ জ্যেষ্ঠ নাগৰিক সকলকো সম্বদ্ধনা জনোৱা হয় ৷ নগাঁও জিলা ন্যায় সেৱা প্ৰধিকাৰীৰ সম্পাদিকা প্ৰনতী মৰাঙে সম্বদ্ধনা জনোৱা সভাত আৱাসী সকলে অভিভুত হৈ চকুলো টুকি তেখেতসকলৰ  জীৱনৰ অনান্য অনুভৱ ব্যক্ত কৰে ৷ 

সভাত সম্পাদিকা প্ৰনতী মৰাঙে ভাষন প্ৰসংগত কয় যে জীৱনৰ এক বৰ্নিল পৰিক্ৰমা অতিক্ৰম কৰি অহা জ্যেষ্ঠ নাগৰিক সকলৰ আসন সমাজত অতি উচ্চ ৷ তেওঁলোক সমাজৰ মাৰ্গদৰ্শক, সমাজত তেওঁ লোকৰ আসন ভগৱানতকৈ কোনো গুনে কম নহয় ৷ 

সভাত আদৰনী ভাষন প্ৰদান কৰে গ্ৰাম বিকাশ পৰিষদৰ মূখ্য উপদেষ্টা চিৰাজউদ্দিন আহমেদে ৷ উক্ত সভাত আমন্ত্রিত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অধিৱক্তা মুকুল প্ৰসাদ বৰঠাকুৰ, অৱসৰপ্ৰাপ্ত মূখ্য অভিযন্ত্রা ললিত দত্ত, অধিৱক্তাদ্বয় শ্বাহনাজ চুলতানা, ৰূপালী গোস্বমী আদি ৷ সভাৰ অন্তত আৱাসী সকলৰ মাজত জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ দ্বাৰা লঘু আহাৰ বিতৰন আৰু আৱাসিক সকলৰ মাজত এক সাংস্কৃতিক গীত মাতেৰে অনুষ্ঠানটি সমাপ্ত পৰে ৷

জয়ন্ত মুদৈ,নগাঁও