নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ আলিটাঙনী নিবাসী বিশিষ্ট শিক্ষাবিদ, সমাজ সংগঠক, প্ৰাক্তন আমছু নেতা তথা ২৬৫ নং আলিটাঙনী মোক্তাৱ বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুছ ছালাম ফৰাজীৰ হৃদ ৰোগত আক্ৰান্ত হৈ শুকুৰবাৰে পুৱা প্ৰায় ৬ বজাত দিছপুৰ হস্পিতালত দেহাৱসান ঘটে৷
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪৭ বছৰ। সৰবৰহী, মৃদুভাষী তথা ব্যক্তিত্বৰ অধিকাৰী আব্দুছ ছালাম ফৰাজী জীৱিত কালত বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ থকাৰ উপৰিও এসময়ত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ লগত জড়িত থাকি নিষ্ঠাসহকাৰে ৰাইজৰ সেৱা আগবঢ়াইছিল।