নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰি নিবাসী সু-অভিনেতা তথা সৰবৰহী যুৱক মনোজ নাথৰ মঙলবাৰে বিয়লি প্ৰায় ডেৰ বজাত নিজ বাসভৱনত দেহাৱসান ঘটে৷ দীৰ্ঘ দিন ধৰি যকৃতজনীত ৰোগত ভুগি থকা যুৱকজনক নগাঁও, শ্বিলং, গুৱাহাটী আদিত চিকিৎসা প্ৰদান কৰাৰ পাছত বৰ্তমান ঘৰতে ৰাখি চিকিৎসা কৰি থকা হৈছিল৷
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪৫ বছৰ৷ স্থানীয় বিভিন্ন সামাজিক, ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতপোতভাৱে জড়িত থকা সৰবৰহী যুৱক নাথে এগৰাকী সুদক্ষ অভিনেতা হিচাপে ৰাইজৰ মাজত পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল৷