নগাঁওঃ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আধাৰশিলা ৰাজনীতিৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই চমক সৃষ্টি কৰাৰ প্ৰয়াস কৰিলেও বিধায়িকা গৰাকীৰ চমক সৃষ্টিৰ প্ৰয়াসে সমষ্টিত প্ৰতিক্ৰিয়াৰহে সৃষ্টি কৰিছে।
কিয়নো ২০১৬ চনত অভিনয় জগত এৰি ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰি বিধায়িকা হোৱা আঙুৰলতাই ২০১৬-১৭ বৰ্ষত সমষ্টিটোৰ বাটপথ উন্নয়ণৰ বাবে মহাত্মা গান্ধী এনৰেগা আঁচনিৰ অধীনত তিনিদিনত ৪৩ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰি চমক সৃষ্টি কৰিছিল যদিও প্ৰায়বোৰ পথৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব নোৱাৰিলে।