নগাঁওঃ কাৰাটে এছ’চিয়েছন অৱ ইণ্ডিয়াৰ অন্তৰ্গত ধিং কাৰাটে ড’ একাডেমীৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি উৎসাহ-উদ্দীপনাৰে উদযাপন হয়। ধিং জগন্নাথ মন্দিৰ প্ৰাংগনত কেক কাটি প্ৰতিষ্ঠা দিৱসৰ আৰম্ভণি কৰে প্ৰশিক্ষক দাদুল বৰদলৈ আৰু বিশ্বজিৎ কলিতাই।
ইয়াৰ পাছতে ধিং কাৰাটে ড০ একাডেমীৰ প্ৰশিক্ষাৰ্থী সকলৰ মাজত এখন প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানটিত পৰিচালক দীপজ্যোতি কাকতি, শিক্ষক জিতুমণি বৰা, পল্লৱ বৰাকে প্ৰমুখ্য কৰি দুই শতাধিক লোক উপস্থিত থাকে৷ এই অনুষ্ঠানতে ধিং কাৰাটে ড’ একাডেমীৰ তৰফৰপৰা ধিং জগন্নাথ মন্দিৰলৈ দহখন চকী আগবঢ়োৱা হয়।