81
নগাঁওঃ নগাঁও চহৰৰ সমীপৱৰ্তী ডিফলু সত্ৰৰ সত্ৰাধিকাৰ তথা বিশিষ্ট সমাজকৰ্মী পীতাম্বৰ দেৱগোস্বামীৰ বুধবাৰে পুৱা প্ৰায় ৫ বজাত বাৰ্ধক্যজনীত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে।
১৯৩৮ চনৰ ২১ জানুৱাৰীত জন্ম গ্ৰহণ কৰা সত্ৰাধিকাৰ গৰাকীয়ে জ্যোতিষ গণনা কৰাৰ লগতে বিভিন্ন সামাজিক-সাংস্কৃতিক কাম কাজৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। অমায়িক স্বভাৱৰ সত্ৰাধিকাৰজনৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰে।