newsnextone.com| নগাঁওঃ নগাঁও জিলা পৰিষদৰ প্ৰাক্তন উপ-সভানেত্রী ৰেনুমাই টেৰনপি বৰ্তমান আৰক্ষীৰ জালত৷ যোৱা ২৩ আগষ্টত গুৱাহাটীৰ পৰা অহা আৰক্ষীৰ বিশেষ দল এটাই ৰেনুমাই টেৰনপিৰ কামপুৰ চাইবক গাঁৱত থকা বাসগৃহত অভিযান চলাইছিল৷ অভিযানকাৰী দলটোৱে বাসগৃহটোৰ পৰা অবৈধভাবে মজুত কৰি ৰখা বৃহৎ পৰিমানৰ সুতা, কম্বল, স্কুল বেগ আদি জব্দ কৰিছিল৷ অকতৃত্বশীল ভাৱে চৰকাৰী আচঁনিৰ বৃহৎ পৰিমানৰ সামগ্ৰী মজুত কৰি ৰখাৰ অভিযোগত টেৰনপিৰ বিৰুদ্ধে চানমাৰি আৰক্ষী থানাৰ লগতে গুৱাহাটীৰ কেইবাখনো আৰক্ষী থানাত গোচৰ ৰুজু হৈ আছে৷ পিছে আৰক্ষীয়ে অভিযান চলোৱা সময়ৰ পৰাই আত্মগোপন কৰি আছিল টেৰনপিয়ে৷ কিন্তু কালি গোপন সূত্রৰ পম খেদি টেৰনপিক কাৰ্বি আংলং জিলাৰ ডিফুৰ মালংছৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষী৷
উল্লেখ্য, নগাঁও জিলা পৰিষদৰ লগতে আমৰি কাৰ্বি উন্নয়ন পৰিষদৰ বিভিন্ন আচঁনিৰ ধনো লুণ্ঠন কৰাৰ অভিযোগ আছে টেৰনপিৰ বিৰুদ্ধে৷ বিগত সময়চোৱাত আমৰি কাৰ্বি উন্নয়ন পৰিষদলৈ অহা প্ৰায় ১৪ কোটি টকাৰ অধিকাংশই আত্মসাৎ কৰাৰ অভিযোগ আছে টেৰনপিৰ বিৰুদ্ধে৷ অভিযোগ মতে, ২০১২-১৩, ২০১৩-১৪ আৰু ২০১৪-১৫ বিত্তীয় বৰ্ষ কেইটাত আমৰি কাৰ্বি উন্নয়ন পৰিষদৰ সূতা ক্ৰয়ৰ নামতে ৬ কোটিৰো অধিক ধন ব্যয় কৰা হৈছিল যদিও কোনো এগৰাকী হিতাধিকাৰীয়ে লাভ নকৰিলে সুতা৷ এই ধনৰ সিংহভাগ আমৰি কাৰ্বিৰ উপাধ্যক্ষৰ দায়িত্বত থকা অৱস্থাত ৰেনুমাই টেৰনপি আৰু তেওঁ সহযোগী সকলে আত্মসাৎ কৰাৰ অভিযোগ উঠিছে৷