Home ৰাজ্যদীপাৱলীত আদৰ কমিছে মাটিৰ চাকিৰ

দীপাৱলীত আদৰ কমিছে মাটিৰ চাকিৰ

by News Desk
A+A-
Reset
diya

জয়ন্ত মুদৈ, নগাঁওঃ অসমীয়া বৰ্ষৰ পবিত্ৰ কাতি মাহৰ অমাৱশ্যাৰ নিশা সমগ্ৰ ভাৰতবৰ্ষৰ দৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বেছ উলহ-মালহেৰে উদযাপন কৰে পোহৰৰ উৎসৱ দীপাৱলী৷ এইবাৰো উচ্চ-নীচ ভেদাভেদ পাহৰি সৰ্বস্তৰৰ লোকে সমাগত দীপাৱলী উৎসৱটি পালনৰ নিমিত্তে ৰাজহুৱা ক্লাব, মন্দিৰ নতুবা ব্যক্তিগতভাৱে ঘৰে ঘৰে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে৷
উল্লেখ্য, এই আলোকৰ উৎসৱত আন্ধাৰ বিনাশী ধৰা উজ্বলাই তুলিবলৈ ঘৰে ঘৰে, মন্দিৰ, ৰৰজহুৱা স্থান আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, কাৰখানা আদি আলোকিত কৰি এটি বাংময় উৎসৱমুখৰ মনোমোহা পৰিৱেশ সৃষ্টিৰে আনন্দ-ফূৰ্তিত মতলীয়া হৈ পৰিব ৰাজ্যবাসী৷ ফটকা, বোমা, ফুলজাৰি আদিৰে সৰ্বত্ৰ প্ৰদান কৰিব অনন্য প্ৰণোজ্জ্বল ৰূপ৷ 
পিছে, লক্ষণীয় বিষয় যে বিগত কেইবছৰমানৰপৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাজহুৱা স্থান, মন্দিৰ, দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান, বাসগৃহ আদিত পূৰ্ব পৰম্পৰা অনুযায়ী ব্যাপক হাৰত ব্যৱহাৰ কৰি অহা মৃৎ শিল্পীৰদ্বাৰা প্ৰস্তুত কৰা মৰম আৰু বহু আদৰ মিহলি মাটিৰ চাকিৰ পৰিবৰ্তে ব্যৱহাৰ হ’বলৈ ধৰিছে আধুনিক কাৰু-কাৰ্যৰ সহায়ত বিদেশী টেকন’ল’জিৰদ্বাৰা তৈয়াৰী ইলেকট্ৰনিক চাকি আৰু নানা ৰং-বিৰঙৰ আলোকসজ্জা।
পৰিণতিত আধুনিকতাৰ কৰাল গ্ৰাসত উটি-ভাহি ফুৰা মানুহৰ এনে ধ্যান-ধাৰণাই ক্ৰমান্বয়ে চাহিদা কমাই আনিছে বহু কষ্টৰে নিৰ্মাণ কৰা মাটিৰ চাকিৰ৷ কাজেই, আধুনিক কংক্ৰিটৰ ভোগবাদী, বস্তুবাদী তথা মহানাগৰিক জীৱন শৈলীয়ে আজি বিভিন্ন উৎসৱ-পাৰ্বণতো পৌৰাণিক নীতি-পৰম্পৰাক জলাঞ্জলি দি যান্ত্ৰিক জীৱন-যাত্ৰাক আকোঁৱালি লোৱাত মৃৎশিল্পীসকলৰ জীৱন আৰু জীৱিকালৈ স্বাভাৱিকতে নমাই আনিছে ঘোৰ অন্ধকাৰ৷ আনহে নালাগে সম্প্ৰতি কেৱল নগাঁও আৰু মৰিগাঁও জিলা দুখনতেই থকা শতাধিক মৃৎশিল্পীয়ে মনোমোহাকৈ তৈয়াৰ কৰা মাটিৰ চাকি, ধূনা বাতি, মলাকে ধৰি নানা প্ৰকাৰৰ সামগ্ৰীয়ে ৰাইজৰপৰা পোৱা সহাঁৰি লাহে লাহে হ্ৰাস পাবলৈ ধৰাত মৃৎশিল্পীসকলৰ অৱস্থা হৈ পৰিছে তথৈবচ৷ ফলস্বৰূপে এইসকল দুৰ্ভগীয়া মৃৎশিল্পীয়ে দীপাৱলীৰ দৰে উৎসৱত তেঁওলোকৰ মাটিৰ চাকি বিক্ৰী কৰি নিজৰ পৰিয়ালত হাঁহি বিৰিঙাব নোৱাৰাটো একপ্ৰকাৰে দৃঢ় হৈ পৰাত চৰম চিন্তাম্বিত হৈ পৰিছে৷ আধুনিকতাই দখল কৰা বজাৰৰ নানা ৰেডিমেট ৰং-চঙীয়া বৈদ্যুতিক চাকিৰ সৈতে ফেৰ মাৰিব নোৱাৰাত হতাশাৰ মাজেৰে দিন পাৰ কৰিবলৈ বাধ্য হৈছে এইসকল হতভাগা মৃৎশিল্পীয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0