Home ৰাজ্যপৰম্পৰাগত ভকত সেৱা পৰ্বৰে দৌলযাত্ৰা মহোৎসৱৰ সামৰণি

পৰম্পৰাগত ভকত সেৱা পৰ্বৰে দৌলযাত্ৰা মহোৎসৱৰ সামৰণি

by News Desk
112 views
A+A-
Reset

নগাঁওঃ বিগত পাঁচোটা দিনে লক্ষ লক্ষ লোকৰ সমাগমে লোকাৰণ্য হৈ পৰা দ্বিতীয় বৈকুন্ঠধাম স্বাভাৱিকভাৱেই নিজম পৰিল৷ এতিয়া মাথো গুৰুজনাৰ পবিত্ৰ ওপজা ভূমিৰ চৌদিশে এক শান্ত-সৌম্য তথা নিমাওমাও পৰিৱেশ৷ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানত যোৱা ২০ মাৰ্চৰপৰা আড়ম্বৰপূৰ্ণভাৱে উদযাপিত শ্ৰীশ্ৰী কৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱৰ পৰম্পৰাগত ভকত বিদায় অনুষ্ঠানেৰে দেওবাৰে আনুষ্ঠানিকভাবে সামৰণি পৰে৷ 

এই বিখ্যাত দৌলযাত্ৰা মহোৎসৱৰ অন্তিম দিনা দুপৰীয়া বিশেষ নাম কীৰ্তনত ঐতিহ্যমণ্ডিত কীৰ্তনঘৰত বহু সংখ্যক লোকে নাম-প্ৰসংগত ভাগ হৈ হৰি নাম কীৰ্তনত অংশগ্ৰহণ কৰে৷ ইয়াৰ বিপৰীতে বহু সংখ্যক লোকে বিগত দিনকেইটাৰ দৰেই অন্তিম দিনাও পবিত্ৰ আকাশীগংগাৰ তীৰৰ লগতে হাটিবহাৰ পাৰত নিজে ৰান্ধি মিলিজুলি এসাঁজ খোৱাৰ উদ্দেশ্যৰে সমবেত হোৱা দেখা যায়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0