Home ৰাজ্যপৰম্পৰাগত ভকত সেৱা পৰ্বৰে দৌলযাত্ৰা মহোৎসৱৰ সামৰণি

পৰম্পৰাগত ভকত সেৱা পৰ্বৰে দৌলযাত্ৰা মহোৎসৱৰ সামৰণি

by News Desk
A+A-
Reset
17d4e91a-f8a3-4680-867c-37dcae9dea07

নগাঁওঃ বিগত পাঁচোটা দিনে লক্ষ লক্ষ লোকৰ সমাগমে লোকাৰণ্য হৈ পৰা দ্বিতীয় বৈকুন্ঠধাম স্বাভাৱিকভাৱেই নিজম পৰিল৷ এতিয়া মাথো গুৰুজনাৰ পবিত্ৰ ওপজা ভূমিৰ চৌদিশে এক শান্ত-সৌম্য তথা নিমাওমাও পৰিৱেশ৷ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানত যোৱা ২০ মাৰ্চৰপৰা আড়ম্বৰপূৰ্ণভাৱে উদযাপিত শ্ৰীশ্ৰী কৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱৰ পৰম্পৰাগত ভকত বিদায় অনুষ্ঠানেৰে দেওবাৰে আনুষ্ঠানিকভাবে সামৰণি পৰে৷ 

এই বিখ্যাত দৌলযাত্ৰা মহোৎসৱৰ অন্তিম দিনা দুপৰীয়া বিশেষ নাম কীৰ্তনত ঐতিহ্যমণ্ডিত কীৰ্তনঘৰত বহু সংখ্যক লোকে নাম-প্ৰসংগত ভাগ হৈ হৰি নাম কীৰ্তনত অংশগ্ৰহণ কৰে৷ ইয়াৰ বিপৰীতে বহু সংখ্যক লোকে বিগত দিনকেইটাৰ দৰেই অন্তিম দিনাও পবিত্ৰ আকাশীগংগাৰ তীৰৰ লগতে হাটিবহাৰ পাৰত নিজে ৰান্ধি মিলিজুলি এসাঁজ খোৱাৰ উদ্দেশ্যৰে সমবেত হোৱা দেখা যায়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0