জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ৰামপুৰ সত্ৰত শনিবাৰে নিশা নিচাজাতীয় দ্ৰব্য উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, ৰামপুৰ সত্ৰৰ ছাহাৱ উদ্দিন নামৰ লোকজনে দীৰ্ঘদিন ধৰি নিজ গৃহৰ লগতে দোকানত নিচাযুক্ত দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল। স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত বটদ্ৰৱা আৰক্ষীৰ এটি দলে যোৱা নিশা গোপন সূত্ৰৰ পম খেদি ছাহাৱ উদ্দিনৰ ঘৰৰপৰা কফ চিৰাফ আৰু নিচাজাতীয় টেবলেটৰ জব্দ কৰিবলৈ সক্ষম হয়।