নগাঁওঃ নগাঁও আৰু মৰিগাঁও জিলাত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা৷ আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি এক দুষ্ট চক্ৰই নিবিঘ্নে ড্ৰাগছৰ বেহা চলাই থাকি জিলা দুখনৰ সামাজিক পৰিবেশ কলুষিত কৰি পেলাইছে৷ ইয়াক লৈ সচেতন মহলে চৰম উদ্বিগ্নতা প্ৰকাশ কৰাৰ সময়তে বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী অঞ্চল বৰিবজাত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছসহ ৫ জন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমিতাভ শেনচোৱাৰ নেতৃত্বত অহা আৰক্ষীৰ দলে এক গোপন সূত্ৰৰ পম খেদি বৰিবজাৰৰ দৈনিক বজাৰৰ এখন ঔষধৰ দোকানৰপৰা প্ৰায় ৮০ হাজাৰ টকাৰ মূল্যৰ ড্ৰাগছসহ এজন ঔষধ ব্যৱসায়ীৰ লগতে আন চাৰি জনক ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্রেপ্তাৰ কৰে।