58
নগাঁওঃ নগাঁও জিলাৰ ৰূপহীহাটত সোমবাৰে আৰক্ষীয়ে চলালে নিচাযুক্ত দ্ৰব্য বিৰোধী ব্যাপক অভিযান। ৰূপহীহাট আৰক্ষীয়ে কেইবাটাও স্থানত চলোৱা দিনজুৰা অভিযানৰ অন্তত ৰূপহীহাটৰ চাইদৰীয়াৰপৰা দুই ড্ৰাস্ক সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয়।
অভিযানকালত আৰক্ষীয়ে চাইদৰীয়াত স্থানীয় ৰাইজৰ সহযোগত দৌৰাই দৌৰাই আটক কৰে ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী যুৱকক। কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী কেইজন মাগুৰমাৰীৰ আইজুল ইছলাম আৰু ইশাদুল ইছলাম বুলি জানিব পৰা গৈছে।