Home ৰাজ্যচীনত নিৰ্মিত খেলনা সামগ্ৰীৰে ভৰি পৰিছে পূজাৰ বজাৰ

চীনত নিৰ্মিত খেলনা সামগ্ৰীৰে ভৰি পৰিছে পূজাৰ বজাৰ

by News Desk
81 views
A+A-
Reset

ডিজিটেল ডেস্ক |নগাঁওঃ দুৰ্গতিনাশিনী দূৰ্গা দেৱীক আৰাধনা কৰাৰ প্ৰচলিত প্ৰথাৰে যুগ যুগ ধৰি পালন কৰি অহা হৈছে শাৰদীয় দুৰ্গোৎসৱ৷ শেৱালী আৰু নিয়ৰৰ শুভ্ৰ আবেদনময় শিহৰণত দেহ-মন উজ্জীৱিত কৰি ৰখা এই শাৰদীয় মনোমোহা বতৰত সম্প্ৰতি নগঞাৰ মাজত বিয়পি পৰিছে পূজাকেন্দ্ৰীক পাৰভগা আনন্দ-উল্লাস৷ সৰ্বত্ৰে দেখা গৈছে শাৰদীয় উৎসৱৰ ব্যাপক উৎসাহ-উদ্দীপনা৷

বৰ্তমান সমগ্ৰ ৰাজ্যতে চলি থকা অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে পূজাৰ আনন্দ-উৎসাহ কিছু পৰিমাণে ম্লান কৰিলেও বৃহত্তৰ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পূজাৰ মণ্ডপসমূহত সৃষ্টি হৈছে উদুলি-মুদুলি পৰিবেশ৷ ইয়াৰ বিপৰীতে দোকান-পোহাৰবোৰ জাজজমককৈ সজাই তুলিছে ব্যৱসায়ীসকলে৷ সম্প্ৰতি জিলাখনৰ বিভিন্ন প্ৰান্তৰ বজাৰ-সমাৰত বৰ্হিঃৰাজ্য আৰু বিদেশী নানা প্ৰকাৰৰ সামগ্ৰীৰে ভৰি পৰা দেখা গৈছে৷ বিশেষকৈ নগাঁও চহৰকে প্ৰমুখ্য কৰি জিলাখনৰ আন বাণিজ্যিক কেন্দ্ৰ স্থলত থকা বহু ব্যৱসায়িক প্ৰতিষ্ঠানত অন্য বহু সামগ্ৰীৰ লগতে চীনত প্ৰস্তুত কৰা খেলনা সামগ্ৰী উভৈনদী হৈ পৰিছে বুলি জানিব পৰা গৈছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0