ডিজিটেল ডেস্ক |নগাঁওঃ দুৰ্গতিনাশিনী দূৰ্গা দেৱীক আৰাধনা কৰাৰ প্ৰচলিত প্ৰথাৰে যুগ যুগ ধৰি পালন কৰি অহা হৈছে শাৰদীয় দুৰ্গোৎসৱ৷ শেৱালী আৰু নিয়ৰৰ শুভ্ৰ আবেদনময় শিহৰণত দেহ-মন উজ্জীৱিত কৰি ৰখা এই শাৰদীয় মনোমোহা বতৰত সম্প্ৰতি নগঞাৰ মাজত বিয়পি পৰিছে পূজাকেন্দ্ৰীক পাৰভগা আনন্দ-উল্লাস৷ সৰ্বত্ৰে দেখা গৈছে শাৰদীয় উৎসৱৰ ব্যাপক উৎসাহ-উদ্দীপনা৷

বৰ্তমান সমগ্ৰ ৰাজ্যতে চলি থকা অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে পূজাৰ আনন্দ-উৎসাহ কিছু পৰিমাণে ম্লান কৰিলেও বৃহত্তৰ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পূজাৰ মণ্ডপসমূহত সৃষ্টি হৈছে উদুলি-মুদুলি পৰিবেশ৷ ইয়াৰ বিপৰীতে দোকান-পোহাৰবোৰ জাজজমককৈ সজাই তুলিছে ব্যৱসায়ীসকলে৷ সম্প্ৰতি জিলাখনৰ বিভিন্ন প্ৰান্তৰ বজাৰ-সমাৰত বৰ্হিঃৰাজ্য আৰু বিদেশী নানা প্ৰকাৰৰ সামগ্ৰীৰে ভৰি পৰা দেখা গৈছে৷ বিশেষকৈ নগাঁও চহৰকে প্ৰমুখ্য কৰি জিলাখনৰ আন বাণিজ্যিক কেন্দ্ৰ স্থলত থকা বহু ব্যৱসায়িক প্ৰতিষ্ঠানত অন্য বহু সামগ্ৰীৰ লগতে চীনত প্ৰস্তুত কৰা খেলনা সামগ্ৰী উভৈনদী হৈ পৰিছে বুলি জানিব পৰা গৈছে৷ 

পূৰ্বতে সাধাৰণতে অসমৰ বাহিৰৰ ৰাজ্য কলকতা, বাংগালুৰু, দিল্লী, হায়দৰাবাদ আদিত নিৰ্মিত খেলনা সামগ্ৰীয়ে জিলাখনৰ দোকান-বজাৰ অধিকাৰ কৰি আছিল যদিও বিগত কেইবছৰ মানৰ পৰা এক অসাধু চক্ৰই চোৰাংকৈ চীনৰ পৰা এইবোৰ সামগ্ৰী বিশেষ সবল নেটৱৰ্কৰ জৰিয়তে জিলাখনলৈ সৰবৰাহ কৰি আহিছে৷ এইবাৰো চীনত নিৰ্মিত সামগ্ৰীয়ে পূজাৰ বজাৰ দখল কৰা দৃষ্টিগোচৰ হৈছে৷ 

ইফালে, প্ৰশাসনৰ চকুত ধূলি মাৰি গোপনে অব্যাহত ৰখা এই বিদেশী সামগ্ৰীৰ ব্যৱসায়ৰ লগত জড়িত অসাধু ব্যৱসায়ীসকলে ৰাজহ ফাঁকি দিয়াৰ গুৰুত্বৰ অভিযোগ উঠিছে৷ ফলত চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুওৱাৰ লগতে থলুৱা উদ্যোগলৈ অশনি সংকেট কঢ়িয়াই আনিছে৷ 

বৰ্তমান চীনৰ পৰা অহা গুটি মৰা পিষ্টল ১০০-৪০০ টকা, পুতলা ১২০-৩৫০ টকা, জুনুকা ৪০-৮০ টকা, পুতলা গাড়ী ৭০-৬০০ টকা, বেলুন প্ৰতি পেকেটত ৮০-২৪০ টকা, পেঁপা ২৫-৫৫ টকাত নিবিঘ্নে বিক্ৰী হৈ আছে৷ কিন্তু এই বিদেশী সামগ্ৰীবোৰত "এম আৰ পি" লিখা নথকাত অসৎ প্ৰকৃতিৰ ব্যৱসায়ীসকলে নিজ খেয়ালখুছি মতে এইবোৰ বিক্ৰী কৰি গ্ৰাহকক ৰাম ঠগন দি অবাধে অধিক মুনাফা লুটি আহিছে ৷