নগাঁওঃ নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু খুটিকটিয়া ১৯ নং ৱাৰ্ডৰ অগ্ৰগামী আঞ্চলিক পৰ্যায়ৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগত খুটিকটিয়া প্ৰগতি সমাজৰ ৰাজহুৱা সভাগৃহত শুকুৰবাৰে এটি বিনামুলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায়৷

উক্ত বিনামুলীয়া স্বাস্থ্য শিৱিৰটি শুভ উদ্বোধন কৰে নগাঁও আইন সেৱা প্ৰাধিকাৰী সম্পাদিকা তথা অতিৰিক্ত মূখ্য ন্যায়িক দণ্ডাধীশ প্ৰনিতা মৰাঙে৷ শতাধিক বৃদ্ধ-বৃদ্ধা, পুৰুষ-মহিলা, যুৱক-যুৱতীয়ে অংশ গ্ৰহণ কৰা এই শিবিৰটিত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ বিশিষ্ট চিকিৎসক ডা: কুমুদ বৰা আৰু ডা: জয়শ্ৰী পাঠক উপস্থিত থাকি প্ৰতিজন ব্যক্তিকে বিভিন্ন ৰোগৰ প্ৰতিকাৰৰ ওপৰত বিষদভাৱে জনোৱাৰ লগতে তেওঁলোকক বিভিন্ন স্বাস্থ্যজনীত পৰীক্ষা নিৰীক্ষাৰ অন্তত যাবতীয় বিনামূলীয়া ঔষধ আদিও যোগান ধৰা হয়৷ 

স্বেচ্ছাসেৱী অগ্ৰগামী আঞ্চলিক পৰ্যায়ৰ সংস্থাটিৰ সভানেত্রী তথা নগাঁও আইন সেৱা প্ৰাধিকাৰীৰ পেনেল অধিবক্তা ৰূপালী গোস্বামীৰ তত্বাৱধানত আয়োজিত স্বাস্থ্য পৰীক্ষা শিৱিৰটিত অনুষ্ঠানিৰ সম্পাদিকা চুমি বৰদলৈৰ লগতে সকলো সদস্যাৰ উপৰি অধিবক্তা চিম্পী বৰা, অৰ্ধ আইনী সহায়ক পাপুমনি বৰা আৰু দ্বীপেন শইকীয়া উপস্থিত থাকে৷ নগাঁও চহৰৰ গাতে লাগি থকা খুটিকটিয়া অঞ্চলত পোন প্রথমবাৰৰ বাবে স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ বাবে স্বেচ্ছাসেৱী অনুষ্ঠানটিৰ লগত ন্যায় সেৱা প্ৰাধিকাৰীৰ শলাগ লৈছে স্থানীয় ৰাইজে৷