জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও নগৰ আৰক্ষীয়ে অভিযান চলাই চহৰখনৰ হয়বৰগাঁও লাচিত নগৰৰপৰা এজন সোণৰ চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

এক গোপন সূত্ৰৰ পম খেদি যোৱা নিশা নগাঁও নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অভিযান চলাই হয়বৰগাঁও লাচিত নগৰৰ নকুল ছিকদ্দাৰ নামৰ সোনৰ চোৰাং ব্যৱসায়ী জনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে চিকদ্দাৰৰ হাতৰপৰা ১.৫ লাখ টকা মূল্যৰ সোণ জব্দ কৰে। উল্লেখ্য যে চিকদ্দাৰে দীৰ্ঘদিন ধৰি সোণৰ চোৰাং ব্যৱসায় কৰি আহিছিল।

আজি ছিকদ্দাৰক আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাৰ পাছত আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰে।