জয়ন্ত মুদৈ, নগাঁওঃ বিতৰ্কই যে লগ নেৰা হৈছে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ এইবাৰ নগাঁও জিলাৰ বটদ্ৰৱাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আজৱ কাণ্ড।
ছাত্ৰ-ছাত্ৰীৰ ফলাফল ভুল তথ্যৰে প্রচাৰ চলাই বিতৰ্কত সোমাই পৰিছে বটদ্ৰৱা ৰামপুৰ ছলাপথাৰ আব্দুছ ছালমা জাতীয় বিদ্যালয়। স্থানীয় ৰাইজৰ অভিযোগ, সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰামপুৰ ছলাপথাৰ আব্দুছ ছালমা জাতীয় বিদ্যালয়ৰপৰা তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰী মাৰচিন চুলতানাক দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা বুলি ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰে।